১৯৭৯ চনত চিলাপথাৰ মহাবিদ্যালয় প্ৰতিষ্ঠা হোৱাৰ দিনৰেপৰা অসমীয়া বিভাগটো মহাবিদ্যালয়ৰ অবিচ্ছেদ্য অংগ। ১৯৯০ চনৰপৰা অসমীয়া বিভাগত সন্মানীয় বিষয়ৰ পাঠ্যক্রম আৰম্ভ হয়। মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰতিষ্ঠাকালীন মুৰব্বী অধ্যাপক আছিল শ্ৰীযুত বিষ্টুৰাম কোঁৱৰ। অসমীয়া বিষয়টো সন্মানীয় বিষয় হিচাপে লৈ পাঠ্যক্ৰম আৰম্ভ কৰাৰ দিনৰেপৰা বৰ্তমানলৈকে বহুতো ছাত্ৰ-ছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈ বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতাৰে কাম কৰি আছে। অসমীয়া বিভাগৰ উদ্যোগত প্ৰতিবছৰে ছাত্ৰ-ছাত্ৰীৰ মাজত দলীয় আলোচনা, আলোচনা চক্ৰ, সাহিত্য বিষয়ৰ বিভিন্ন প্ৰতিযোগিতা, কৰ্মশালা আদি অনুষ্ঠিত কৰা হয়। ইয়াৰ উপৰিও আন কেতবোৰ গুৰুত্বপূৰ্ণ কৰ্ম যেনে- মাতৃভাষা দিৱস, ভিন্ন বিষয়ৰ বক্তৃতানুষ্ঠান, শিক্ষামূলক ভ্ৰমণ, ক্ষেত্ৰ অধ্যয়ন আদি ধাৰাবাহিকভাৱে হৈ থাকে।